ডেল্টা অটোকৰ্পৰ তালিকাভুক্ত হোৱাত বিনিয়োগকাৰী ৰোমাঞ্চিত, আই পি অ’ বিনিয়োগকাৰীৰ ৩০ শতাংশ লাভ অৰ্জন
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। ডেল্টিক ব্ৰেণ্ডৰ অধীনত ইলেক্ট্ৰিক দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাণ কৰা কোম্পানী ডেল্টা অটোকৰ্পে আজি শ্বেয়াৰ বজাৰত গ্ৰেণ্ড এণ্ট্ৰি কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ১৩০ টকা মূল্যত জাৰি কৰা হৈছিল। আজি ৰাষ্
डेल्टाकॉर्प के आईपीओ निवेशकों को 30 प्रतिशत का मुनाफा


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। ডেল্টিক ব্ৰেণ্ডৰ অধীনত ইলেক্ট্ৰিক দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাণ কৰা কোম্পানী ডেল্টা অটোকৰ্পে আজি শ্বেয়াৰ বজাৰত গ্ৰেণ্ড এণ্ট্ৰি কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ১৩০ টকা মূল্যত জাৰি কৰা হৈছিল। আজি ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ ৩৪.৬২ শতাংশ প্ৰিমিয়ামেৰে ১৭৫ টকাত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ কিছু সময়ৰ পাছতে কোম্পানীটোৰ শ্বেয়াৰ ক্ৰয় সমৰ্থনৰ বাবে ১৮৩ টকাৰ উচ্চ চাৰ্কিট স্তৰত উপনীত হয়। কিন্তু কিছু সময়ৰ পাছত বিক্ৰীৰ চাপৰ বাবে ষ্টকটো ১৬৭.৬৫ৰ স্তৰলৈ নামি আহে। দুপৰীয়া ১২ বজাত ৩০ শতাংশ লাভৰ সৈতে ১৬৯ টকাত ব্যৱসায় হৈছিল।

ডেল্টা অটো কৰ্পৰ আই পি অ’ ৭ৰ পৰা ৯ জানুৱাৰীৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা তীব্ৰ সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৩৪২.১৮ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ১৭৮.৬৪ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৬২৪.২৮ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৩১৪.৩৩ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ৫০.৫৪ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ডোৰ অধীনত ১০ টকাৰ ফেচ ভেলুৰ ৩.১২ লাখ শ্বেয়াৰ বিক্ৰী হৈছে। নতুন শ্বেয়াৰৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে বৈদ্যুতিক তিনিচকীয়া বাহন ফেব্ৰিকেশন প্লাণ্ট আৰু পেইন্টিং প্লাণ্ট স্থাপন, নতুন সামগ্ৰী বিকশিত কৰা, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

কোম্পানীটোৰ আৰ্থিক স্বাস্থ্যৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ বিত্তীয় অৱস্থা অহৰহ শক্তিশালী হৈ আহিছে। ২০২১-২২ চনত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ আছিল ৪.২০ কোটি টকা, যিটো ২০২২-২৩ চনত ৫.১৩ কোটি টকালৈ বৃদ্ধি পাই ২০২৩-২৪ চনত ৮.২২ কোটি টকা হয়। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বাৰ্ষিক চক্রবৃদ্ধি হাৰত ১৮ শতাংশ বৃদ্ধি পাই ৮১.১৭ কোটি টকা হয়৷ ২০২৪ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে চলিত বিত্তীয় বৰ্ষত কোম্পানীটোৱে ৪.৮১ কোটি টকাৰ নিকা লাভ লাভ কৰাৰ বিপৰীতে এই সময়ছোৱাত কোম্পানীটোৱে ৪৫.২৮ কোটি টকাৰ ৰাজহ লাভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande