ষ্টক মাৰ্কেটত আৱাকছ এপাৰেলছৰ গ্ৰেণ্ড এণ্ট্ৰি , আই পি অ’ বিনিয়োগকাৰীৰ ধন প্ৰথম দিনাই দুগুণ বৃদ্ধি 
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। আজি আৱাক্স এপাৰেলছ এণ্ড অৰ্নামেণ্টছৰ শ্বেয়াৰে আই পি অ’ বিনিয়োগকাৰীক বিপুল লাভ প্ৰদান কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ জাৰি কৰা হৈছিল ৭০ টকা। আজি বিএছইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ৯০ শতাংশ প্ৰিমিয়ামৰ সৈতে
अवाक्स अपैरल्स की स्टॉक मार्केट में धांसू एंट्री


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। আজি আৱাক্স এপাৰেলছ এণ্ড অৰ্নামেণ্টছৰ শ্বেয়াৰে আই পি অ’ বিনিয়োগকাৰীক বিপুল লাভ প্ৰদান কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ জাৰি কৰা হৈছিল ৭০ টকা। আজি বিএছইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ৯০ শতাংশ প্ৰিমিয়ামৰ সৈতে ১৩৩ টকাত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছতে ক্ৰয় সমৰ্থনৰ বাবে ষ্টকটোৱে ১৩৯.৬৫ টকাৰ উচ্চ চাৰ্কিট লেভেলত আঘাত হানে। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীৰ ধন প্ৰথম দিনাই প্ৰায় দুগুণ বৃদ্ধি পাইছে।

আৱাক্স এপাৰেলছ এণ্ড অৰ্নামেণ্টছৰ ১.৯২ কোটি টকাৰ আইপিঅ’ ৭ৰ পৰা ৯ জানুৱাৰীৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা অতিশয় সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ২৬০.৪২ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ১৪০.৪৬ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৩৭২.৩৫ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা আৰু অন্যান্য সাধাৰণ কৰ্পৰেট উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰিব।

২০০৫ চনত আৰম্ভ হোৱা এই কোম্পানীটোৱে নিটেড গাৰ্মেণ্টৰ পাইকাৰী ব্যৱসায় কৰে। ইয়াৰ লগতে কোম্পানীটোৱে ৰূপৰ গহনা অনলাইন খুচুৰা বিক্ৰীও কৰে। এই গহনাসমূহৰ ভিতৰত আছে মহিলাৰ বাবে গোৰোহা, পুৰুষৰ বাবে ব্ৰেচলেট, আঙঠি, প্লেট চেট, চশমা, বেংগল, বাটি, শিকলি আৰু অন্যান্য অলংকাৰ। কোম্পানীটোৰ নেটৱৰ্ক সমগ্ৰ দেশতে বিয়পি পৰিছে। প্ৰস্পেক্টচত কৰা দাবী অনুসৰি কোম্পানীটোৰ লাভ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande