গোলকগঞ্জৰ কোঠালতলীত ধৰ্ষণৰ বলি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী
গোলকগঞ্জৰ কোঠালতলীত নিৰ্মল পালে কুকৰ্ম।
গোলকগঞ্জৰ কোঠালতলীত ধৰ্ষণৰ বলি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী


ধুবুৰী, ১০ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ কোঠালতলীত ধৰ্ষণৰ বলি হৈছে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী । নিৰ্মল পাল নামৰ লোকজনে কিশোৰীগৰাকীৰ লগত এই কুকৰ্ম কৰাৰ অভিযোগ উঠিছে। দুৰ্গা মন্দিৰৰ চৌহদতো ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কু-কৰ্ম কৰে লোকজনে । গোলকগঞ্জৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত কৈমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত তথ্য়মতে যোৱা শনিবাৰে সন্ধিয়া দুৰ্গা দেৱীৰ মন্দিৰৰ ভোগ দিয়া ঘৰত ছাত্ৰী গৰাকীক ফুচলাই নি কু কৰ্ম কৰাৰ অভিযোগ উঠিছে নিৰ্মল পালৰ বিৰুদ্ধে। লগতে এই কু কৰ্ম কৰাৰ কথা ঘৰত নজনাবলৈ ছাত্ৰী গৰাকীক ভাবুকি দিছিল নিৰ্মলে । যোৱা ৰবিবাৰ নিশা ঘটনাটো গম পায় পৰিয়ালৰ লোকে। কালি আবেলি ছাগলীয়া আৰক্ষী চকীত ভুক্তভুগি ছাত্ৰী গৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ।ইতিমধ্যে ছাগলীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande