বিশ্বনাথ, ০১ আগষ্ট (হি.স.)। চতিয়াত আৰক্ষীৰ জালত পৰিছে দুধৰ্ষ আন্ত: ৰাজ্যিক চোৰ ৷ দীৰ্ঘদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বিলাসী গাড়ীৰ ভিতৰত গৰু ছাগলী চুৰি কৰি আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰটোৰ নাম ৰমিচউদ্দিন আহমেদ ওৰফে বুটুকন বুলি জানিব পৰা গৈছে ৷
দীৰ্ঘদিনৰ পৰা পলাই থকা কুখ্যাত চোৰটোক কালি নিশা চতিয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চতিয়াৰ বাৰভূঞা গাঁৱৰ নিজ বাসভৱনৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে লগতে চোৰটোৱে ব্যৱহাৰ কৰা এ এচ ১২ এ এফ ৪২৩২ নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে ৷ আৰক্ষীয়ে গাড়ী খনৰ ভিতৰৰ পৰা বহু আপত্তিজনক সা সামগ্ৰী ওঁ জব্দ কৰিছে ৷ সম্প্ৰতি কুখ্যাত চোৰটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া