
কাৰ্বি আংলং, ০৫ জানুৱাৰী (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছ’ত যোৱা কালি দেওবাৰে বিয়লি বিদ্যাছিং টেৰণ নামৰ এগৰাকী ৭০ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ঘৰৰ ভিতৰতে মৃত অৱস্থাত লোক জনক উদ্ধাৰ কৰা হৈছে । ইফালে মজিয়াত তেজ আৰু ঘৰৰ সামগ্ৰী লণ্ডভণ্ড হৈ থকাৰ বাবে এয়া হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে ৷
ঘৰত অকলে থকা লোক গৰাকীক নিশাই কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে যদিও আৰক্ষীয়ে হত্যাৰ কথা নিশ্চিত কৰা নাই । এইক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ পিছতহে হত্যাৰ কথাটো নিশ্চিত হ’ব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ