
নগাঁও, ০৫ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰব অৱ্যাহত আছে । সোণাৰীগাঁৱত যোৱা কালি দেওবাৰৰ নিশা এটা বন্যহস্তীয়ে ক্ষতিসাধন কৰে পকী ঘৰ। গাঁওখনৰ হেমকান্ত হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ লোহাৰ গেট খুলি সোমাই প্ৰকাণ্ড হাতীয়ে ক্ষতিসাধন কৰে ঘৰটোৰ কিছু অংশ। এইদৰে কলিয়াবৰত দৈনিক অৱ্যাহত আছে বন্যহস্তীৰ উপদ্ৰব। খাদ্যৰ সন্ধানত শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তীটো ওলায় অহাৰ ধাৰণা কৰা হৈছে ।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ