
নগাঁও, ০৫ জানুৱাৰী (হি.স.): সম্প্ৰতি মৃত্যুদূতত পৰিণত হৈ পৰিছে নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ । পুনৰ ননৈত পথ দুৰ্ঘটনাত যোৱা কালি দেওবাৰে বিয়লি এজন লোকৰ মৃত্যু হয় ।
জানিব পৰামতে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত খন্দা মাৰে এজন বাইক আৰোহিয়ে । ফলত লোকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে যদিও ব্যক্তিজনৰ মৃত্যু হয় । মৃত্য়ুমুখত পৰা ব্যক্তিজন শিঙিয়া-পুটনিৰ জিতু শৰ্মা বুলি পৰিচয় পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ