গ্ৰামাঞ্চলৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ত এতিয়া সন্দেহজনক ভুৱা শিক্ষাৰ্থীৰ পয়োভৰ
ভুৱা শিক্ষাৰ্থীৰ পয়োভৰ

গুৱাহাটী, ৩১ জুলাই (হি.স.)। গ্ৰামাঞ্চলৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ত এতিয়া সন্দেহজনক ভুৱা শিক্ষাৰ্থীৰ পয়োভৰ। দিল্লীত পঞ্জীয়নভুক্ত উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে এই সকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত কৰিবলৈ লৈছে নামভৰ্তি। ডিমৰীয়াৰ মালয়বাৰী চিনিয়ৰ চেকেণ্ডেৰী স্কুলত এই পৰ্যন্ত প্ৰায় ১৫ গৰাকী শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰাৰ বিপৰীতে আসনৰ অভাৱত আন বহু এনে দিল্লীৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ থকা শিক্ষাৰ্থীক ওভতাই পঠাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

অধ্যক্ষগৰাকীয়ে জানিব দিয়া অনুসৰি বিগত বৰ্ষৰ পৰাই এনে শিক্ষাৰ্থীৰ পয়োভৰ ক্ৰমাৎ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। লক্ষণীয়ভাৱে উচ্চ শিক্ষা সঞ্চালকালয়েও এই ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ নোলোৱাকৈ নামভৰ্তি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। কিন্তু ইয়াৰে একাংশ শিক্ষাৰ্থীয়ে অধ্যক্ষক জানিব দিয়া অনুসৰি কোনো পৰীক্ষাত নবহাকে ঘৰতে বহি ধনৰ বিনিময়ত অনলাইনযোগে লাভ কৰিছে অসমৰ বাহিৰৰ বিভিন্ন বোৰ্ডৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ। সেয়েহে অসমৰ বোৰ্ডৰ পৰা অনুত্তীৰ্ণ হৈও হঠাতে এনে উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি প্ৰধানকৈ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে আবেদন জনায় এইসকল শিক্ষাৰ্থীয়ে। এই ক্ষেত্ৰত সময়মতে ৰাজ্যৰ শিক্ষা বিভাগে যদি যথোপযুক্ত তদন্ত কৰে তেনেহলে হয়তো জালত পৰিব এনেদৰে শিক্ষাৰ ব্যৱসায় চলাই থকা এক বৃহৎ চক্ৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar / আলোক চক্ৰৱৰ্তী

 rajesh pande