
নগাঁও, ১৮ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিত উদ্ধাৰ হৈছে এটা বন্দুক। উৰণীয়া সেতুৰ তলত ৰাস্তাৰ কাষত উদ্ধাৰ কৰা হয় বন্দুকটো।
এজন লোকে প্ৰত্যক্ষ কৰি কলিয়াবৰ আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চমজি লৈছে বন্দুকটো। অৱশ্য়ে কেনেকৈ বন্দুকটো সেই স্থান পালেহি তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। উল্লেখ্য় যে কিছুদিন পূৰ্বে শিলঘাট আউট পোষ্টৰ জোৱানৰ বন্দুক চুৰি হৈছিল।উদ্ধাৰ হোৱা বন্দুকটো জোৱানগৰাকীৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ