ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ড বনভোজস্থলী মুকলি
ওদালগুৰিৰ ভাৰত- ভূটান সীমান্তৰ ভৈৰৱকুণ্ড বনভোজস্থলী মুকলি।
ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ড বনভোজস্থলী মুকলি


ওদালগুৰি, ১৮ ডিচেম্বৰ (হি.স.): আজি ওদালগুৰি জিলাৰ ভাৰত ভূটান অৰুণাচলৰ ত্ৰিবেণী সঙ্গম ভৈৰৱকুণ্ড বনভোজস্থলী আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। মুকলি কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰীয়ে। সকলোকে ভৈৰৱকুণ্ডলৈ বনভোজ খাবলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে বনভোজ আনন্দ মনেৰে কাকো অসুবিধা নকৰাকৈ বনভোজ খাবলৈ অনুৰোধ জনায় ৰিহণ দৈমাৰীয়ে।

তেওঁ কয় বিটিচি চৰকাৰে বিটিচি অঞ্চলত থকা বনভোজস্থলী সমূহত পৰ্যটকক আকৰ্ষিত কৰিবলৈ একোখনকৈ তোৰণ দিয়াৰ পৰিকল্পনা কৰিছে আৰু এই তোৰণ ভৈৰৱকুণ্ড বনভোজস্থলীত বনোৱা হ'ব। জানুৱাৰী মাহৰ ২১ তাৰিখৰ পৰা ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ উদযাপন কৰা হ'ব । এই অনুষ্ঠানৰ সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী, কৃষক সকলৰ মাজত কৰ্মশালা, হাতী মানুহৰ সংঘাত বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। লগতে সাংস্কৃতিক কাৰ্যসূচীৰ বাবে ভূটান, অৰুণাচল শিল্পী সকলে অনুষ্ঠান পৰিৱেশন কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande