শিৱসাগৰ দিচাংমুখ ৰিৰীয়া অঞ্চলত বন্যহস্তিয়ে চলাইছে তাণ্ডৱ
শিৱসাগৰ দিচাংমুখ ৰিৰীয়া অঞ্চলত বন্যহস্তিয়ে চলাইছে তাণ্ডৱ।
শিৱসাগৰ দিচাংমুখ ৰিৰীয়া অঞ্চলত বন্যহস্তিয়ে চলাইছে তাণ্ডৱ


শিৱসাগৰ, ১৮ ডিচেম্বৰ (হি.স.): ৰাজ্যত অধিক ভয়াবহ হৈ পৰিছে হাতী উপদ্ৰপ । শিৱসাগৰ দিচাংমুখ ৰিৰীয়া অঞ্চলত বন্যহস্তিয়ে চলাইছে তাণ্ডৱ। শিৱসাগৰ ৰিৰীয়া বিতু হাজৰিকা নামৰ লোকজনৰ ঘৰত এই তাণ্ডৱ চলায় হাতীয়ে। আজি পুৱতিনিশা হাতীয়ে ৰিৰীয়া গাঁৱত ভাঙি থানবান কৰিলে বিতু হাজৰিকা নামৰ বিকলাংগ মানুহজনৰ ঘৰ আৰু দোকান । বহু পৰিমানে ধন নষ্ট হোৱাত হাহাকাৰ পৰিয়ালতো মাজত। এইক্ষেত্ৰত বনবিভাগে যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande