ধিঙত অব্যাহত উচ্ছেদ অভিযান
ধিঙত আজিও অব্যাহত উচ্ছেদ অভিযান ।
ধিঙত অব্যাহত উচ্ছেদ অভিযান


নগাঁও, ১৮ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ধিঙত আজিও অব্যাহত আছে উচ্ছেদ অভিযান । এই উচ্ছেদ অভিযানৰ আজি তৃতীয় দিন। তৃতীয় দিনাও প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান।

ৰৌমাৰী বিলত একাংশ বেদখল কাৰীয়ে অবৈধ ভাৱে নিৰ্মান কৰিছিল পুখুৰী। যাৰ ফলত বন্ধ হয় পৰিছিল বোৱতী সূতি। লগতে সৃষ্টি হৈছিল কৃত্ৰিম বানপানীৰ। অঞ্চলটোৰ ২৩০ বিঘা জলাশয়ৰ ৫৬৫ টা অবৈধ পুখুৰীত চলি আছে এই উচ্ছেদ অভিযান। ধিঙৰ ভেৰভেৰি বিল, ছালনাবড়ী, আহোম গাঁও, ৰৌমাৰী বিল, মৈৰাধৱজ, মাগুৰমাৰী আৰু গেৰেকনী বিল সামৰি চলোৱা হৈছে এই উচ্ছেদ অভিযান।ধিঙৰ এই উচ্ছেদ অভিযানক সকলো দল সংগঠনৰ লগতে স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু মুখ্যমন্ত্রীক প্ৰশংসা কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande