হোজাইত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
হোজাইত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।
হোজাইত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ


হোজাই, ২৭ জুলাই (হি.স.): হোজাইত পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ। হোজাই মিলিকবস্তিত সংঘটিত হৈছে উক্ত ঘটনা। মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন মিলিক বস্তিৰেই দিলীপ শৰ্মা (৩০) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য় যে যোৱা বৃহস্পতিবাৰৰ নিশাৰ ভাগৰ পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজন। কালি বিয়লি ভাগত স্থানীয় ৰাইজে পুখুৰীত ওপঙি থকা প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ। ইতিমধ্যে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande