শিৱসাগৰত চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত নিহত মহিলা
শিৱসাগৰত চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত নিহত মহিলা
শিৱসাগৰত চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত নিহত মহিলা


শিৱসাগৰ, ২৭ জুলাই(হি.স.)। শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত আজি এক অঘটন সংঘটিত হয়। চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত নিহত এগৰাকী মহিলা। নিহত মহিলা গৰাকীৰ নাম গুণেশ্বৰী তাছা(৮০)। আমগুৰি চাহ বাগিচাৰ তলৰ লাইনত সংঘটিত হৈছে উক্ত দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰেক্টৰ খনৰ নম্বৰ এএছ ০৪ এ ৭৪৭৩ বুলি জানিব পৰা গৈছে। চলন্ত ট্ৰেক্টৰৰ পিছৰ চকাৰ তলত পৰি মৃত্যু হয় মহিলা গৰাকীৰ।

কি কাৰণত মহিলা গৰাকী চলন্ত ট্ৰেক্টৰৰ পিছৰ চকাত সোমাল সেইটো ৰহস্যজনক। ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। হালোৱাটিং আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্ট্ৰৰ খন জব্দ নকৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু / ৰমেন বৰ্মণ / মনোজ কুমাৰ শইকীয়া


 rajesh pande