ছিপাঝাৰৰ কুৰুৱা অঞ্চলৰ কৃষি পথাৰত বনৰীয়া ম’হৰ তাণ্ডৱ
দৰং, ২৭ জুলাই (হি.স.)। মূৰৰ ঘাম মাটিত পেলাই ৰোপন কৰা শালি খেতিৰ পথাৰত এতিয়া বনৰীয়া ম’হৰ তাণ্ডৱ চলিব ধৰিছে। প্ৰকাণ্ড বনৰীয়া ম’হৰ জাকে বিঘাই বিঘাই বিনষ্ট কৰি গৈছে ছিপাঝাৰৰ কুৰুৱা অঞ্চলৰ কৃষি পথাৰ সমূহ। কুৰুৱা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সমীপৱৰ্তী পথ
ছিপাঝাৰৰ কুৰুৱা অঞ্চলৰ কৃষি পথাৰত বনৰীয়া ম’হৰ তাণ্ডৱ


দৰং, ২৭ জুলাই (হি.স.)। মূৰৰ ঘাম মাটিত পেলাই ৰোপন কৰা শালি খেতিৰ পথাৰত এতিয়া বনৰীয়া ম’হৰ তাণ্ডৱ চলিব ধৰিছে। প্ৰকাণ্ড বনৰীয়া ম’হৰ জাকে বিঘাই বিঘাই বিনষ্ট কৰি গৈছে ছিপাঝাৰৰ কুৰুৱা অঞ্চলৰ কৃষি পথাৰ সমূহ।

কুৰুৱা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সমীপৱৰ্তী পথাৰত ন-কৈ ৰোপন কৰা হৈছিল হে মাথো। কিন্তু ১২ ৰ পৰা ১৫ টা পৰ্যন্ত থকা বনৰীয়া ম’হৰ এই জাকটোৱে কৃষি পথাৰ ধ্বংস কৰাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত আছে বন বিভাগৰ লোকসকল। যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষক ৰাইজে।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা / মনোজ কুমাৰ শইকীয়া


 rajesh pande