চুৰি সামগ্ৰী সহ চামগুৰি আৰক্ষীৰ জালত বিশাল মুক্তিয়াৰ
নগাঁও, ২৭ জুলাই (হি.স.)। চুৰি কাৰ্যৰে চামগুৰিৰ ৰাইজৰ চকুৰ টোপনি নোহোৱা কৰা এটি কুখ্য়াত চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে। চামগুৰি থানাৰ পিছফালে বসবাস কৰা এইা চোৰটোৱে দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পানী মটৰৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰৰ
চুৰি সামগ্ৰী সহ চামগুৰি আৰক্ষীৰ জালত বিশাল মুক্তিয়াৰ


নগাঁও, ২৭ জুলাই (হি.স.)। চুৰি কাৰ্যৰে চামগুৰিৰ ৰাইজৰ চকুৰ টোপনি নোহোৱা কৰা এটি কুখ্য়াত চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে। চামগুৰি থানাৰ পিছফালে বসবাস কৰা এইা চোৰটোৱে দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পানী মটৰৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰৰ চিলিং ফেন, কাহ পিটলৰ বাচন বৰ্তন চুৰি কৰি আহিছিল চোৰটোৱে।

বিগত এমাহ মানৰ ভিতৰত প্ৰায় বিশ ঘৰত চুৰি কৰি ৰাইজৰ টোপনি হৰন কৰা কুখ্যাত চোৰটোৰ সন্ধান উলিয়ালে চামগুৰিৰ কেইজনমান স্থানীয় লোকে। বিশাল মুক্তিয়াৰ নামৰ চোৰটোক ৰাইজে ধৰি লৈ ক'ত ক'ত চুৰি সামগ্ৰী বিক্ৰী কৰিছিল তাৰ সন্ধান উলিয়াবলৈ ৰাইজেই আৰম্ভ কৰিলে অভিযান। ৰাইজে দিয়া খবৰৰ ভিত্তিত চামগুৰি আৰক্ষী উপস্থিত হ'ল চামগুৰি বাজিয়া গাঁৱঁৰ কেইবাটাও ঘৰত । বিশাল মুক্তিয়াৰক সোধ পোছা কৰি আৰক্ষীয়ে জাপে জাপে উলিয়ালে চুৰি সামগ্ৰী।চোৰটোৱেও গাই গ'ল তাৰ লগৰীয়া চোৰৰ নাম। ক'ত কোনে চুৰি কৰিছিল সেই তালিকাও গাই দিলে চোৰটোৱে। চুৰি সামগ্ৰী সহ এতিয়া চামগুৰি আৰক্ষীৰ জালত বিশাল l

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু / মনোজ কুমাৰ শইকীয়া


 rajesh pande