বজালীৰ বিৰবিৰাত নিজা কৃষি ভূমিত কঠিয়া তোলাত ব্য়স্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
বজালীৰ বিৰবিৰাত মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসৰ নিজা কৃষি ভূমিত কঠিয়া তোলা দেখা যায়।
বজালীৰ বিৰবিৰাত নিজা কৃষি ভূমিত কঠিয়া তোলাত ব্য়স্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস


বৰপেটা, ২৭ জুলাই (হি.স.): বজালীৰ বিৰবিৰাত মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসৰ নিজা কৃষি ভূমিত কঠিয়া তোলা কামত জড়িত হয়। ৰাজনীতিৰ পৰা কিছু আতৰি খেতিপথাৰত ব্যস্ত হৈ পৰিল মন্ত্ৰী ৰঞ্জিতকুমাৰ দাস।

কৃষি প্ৰধান ৰাজ্য অসমত কৃষকেই আমাৰ প্ৰথম পৰিচয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসৰ লগতে জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰনজিৎ শালৈ প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে । মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও সামাজিক মাধ্যমত দিয়ে কঠিয়া তোলাৰ দৃশ্য়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande