ধুবুৰী চহৰৰ পাঁচমোৰত কাৰ্গিল বিজয় উৎসৱ পালন
ধুবুৰী চহৰৰ পাঁচমোৰত কাৰ্গিল বিজয় উৎসৱ পালন।
ধুবুৰী চহৰৰ পাঁচমোৰত কাৰ্গিল বিজয় উৎসৱ পালন


ধুবুৰী, ২৭ জুলাই (হি.স.): ভাৰতৰ বাবে ২৬ জুলাই আছিল কাৰ্গিল বিজয় দিৱস। এই দিৱস উপলক্ষে আজি ধুবুৰীৰ পাঁচমোৰত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ কাৰ্যসূচী।

শুকুৰবাৰে সন্ধিয়া ধুবুৰী চহৰৰ পাঁচমোৰত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত কাৰ্গিল যুদ্ধত মৃত্যু বৰণ কৰা ভাৰতীয় সেনাৰ বীৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰা হয়। ভাৰত মাতাৰ পূজনেৰে আৰম্ভ সেই অনুষ্ঠানত শ্বহীদ বেদীত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্গিল যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ ৫২৭ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰ কালিৰ কাৰ্গিল বিজয় উৎসৱৰ কাৰ্যসূচীৰ অন্ত পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande