বজালীৰ সাদেৰীত জিলা বিজেপিৰ যুৱ মৰ্চা কাৰ্গিল বিজয় দিৱস পালন
বজালীৰ সাদেৰীত জিলা বিজেপিৰ যুৱ মৰ্চাই পালন কৰিলে কাৰ্গিল বিজয় দিৱস।
বজালীৰ সাদেৰীত জিলা বিজেপিৰ যুৱ মৰ্চা কাৰ্গিল বিজয় দিৱস পালন


বৰপেটা, ২৭ জুলাই (হি.স.): বজালীৰ সাদেৰীত জিলা বিজেপিৰ যুৱ মৰ্চাই পালন কৰিলে কাৰ্গিল বিজয় দিৱস। প্ৰতি বছৰৰ দৰে ২৬ জুলাই তাৰিখটোত পালন কৰিলে সমগ্ৰ দেশে কাৰ্গিল বিজয় দিবস। ১৯৯৯ চনৰ এই দিনটোতে ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকিসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল।

উল্লেখ্য় যে ৬০ দিনতকৈও অধিক সময় ধৰি চলা এই যুদ্ধৰ ১৯৯৯ চনৰ ২৬ জুলাইত সমাপ্ত হৈছিল। কাৰ্গিল যুদ্ধৰ দুয়োপক্ষৰ সেনাৰ প্ৰাণহানি হয় আৰু ভাৰতৰ সেনা জোৱানক শ্বহীদ ঘোষনা কৰে। কাৰ্গিল যুদ্ধৰ নায়ক সকলৰ প্ৰতি সম্মান জনাই প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিবস উদযাপন কৰা হয়। বজালীতো কালি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ যুব মৰ্চাই পালন কৰে কাৰ্গিল বিজয় দিৱস। উক্ত অনুস্থানত উপস্হিত থাকে অসম চৰকাৰৰ জ্য়েষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী আৰু কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা শ্বহীদ পৰিয়ালৰ লগতে বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande