তেজপুৰত ‘সংস্কৃতা’ৰ উদ্যোগত ‘ব্যৱহাৰিক জীৱনত শ্ৰীমদ্ভাগৱত গীতা’ শীৰ্ষক গ্ৰন্থৰ মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন
–নামঘৰ -মণিকূটৰ ৰঙা কাপোৰৰ মেৰপেচৰ পৰা শ্ৰীমদ্ভাগৱত গীতাক উলিয়াই আনি চৰ্চা -গৱেষণাৰে সমাজ নিৰ্মাণ কৰিবলৈ আহ্বান –তেজপুৰত সংস্কৃতা ৰ উদ্যোগত ব্যৱহাৰিক জীৱনত শ্ৰীমদ্ভাগৱত গীতা শীৰ্ষক গ্ৰন্থৰ মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন –বৃদ্ধ লোকৰ সলনি ছাত্ৰ
Baktita anusthan


–নামঘৰ -মণিকূটৰ ৰঙা কাপোৰৰ মেৰপেচৰ পৰা শ্ৰীমদ্ভাগৱত গীতাক উলিয়াই আনি চৰ্চা -গৱেষণাৰে সমাজ নিৰ্মাণ কৰিবলৈ আহ্বান

–তেজপুৰত সংস্কৃতা ৰ উদ্যোগত ব্যৱহাৰিক জীৱনত শ্ৰীমদ্ভাগৱত গীতা শীৰ্ষক গ্ৰন্থৰ মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন

–বৃদ্ধ লোকৰ সলনি ছাত্ৰ -ছাত্ৰীক গীতা গ্ৰন্থ পঢ়োৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ অভিভাৱকলৈ আহ্বান বশিষ্ঠ বুজৰবৰুৱাৰ

শোণিতপুৰ, ২৬ জুলাই (হি.স.)। গীতা শাস্ত্ৰ বা গীতা গ্ৰন্থ বৃদ্ধ বয়সতহে অধ্যয়ন কৰিব লাগে বা গীতা শাস্ত্ৰ পঢ়িলে মানুহৰ মতিভ্ৰম হয় । সৰ্বসাধাৰণ মাজত চলি থকা এই ধাৰণা সম্পূৰ্ণৰূপে নস্যাৎ কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ,অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক তথা সুবক্তা বশিষ্ঠ বুজৰবৰুৱাই ছাত্ৰ অৱস্থাৰ পৰাই আমাৰ শিক্ষাৰ্থী সকলক গীতা শাস্ত্ৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে নামঘৰ বা মণিকূটত ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা গীতাৰ ওপৰত চৰ্চা আৰু গৱেষণা আৰম্ভ কৰিবলৈ আজি তেজপুৰত এক বিশেষ বক্তৃতানুষ্ঠানত আহ্বান জনাই আৰএছএছৰ নেতা বশিষ্ঠ বুজৰবৰুৱাই ।

উল্লেখ্য যে তেজপুৰৰ অন্যতম মহিলাৰ সামাজিক -সংস্কৃতিক অনুষ্ঠান সংস্কৃতা ৰ উদ্যোগত আজি বিয়লিৰ পৰা তেজপুৰৰ মাধৱ ধামৰ সভাকক্ষত অনুষ্ঠিত হোৱা ব্যৱহাৰিক জীৱনত শ্ৰীমদ্ভাগৱত গীতা শীৰ্ষক এক গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বিষয়ৰ ওপৰত সাৰগৰ্ভ ভাষণ আগবঢ়াই বশিষ্ঠ বুজৰবৰুৱাই। সম্প্ৰতি বিশ্বৰ ১৮০ খন দেশত শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে চৰ্চা হৈ আহিছে বুলি উল্লেখ কৰি দৃষ্টিহীন মানুহক দিব্য দৃষ্টি প্ৰদান কৰাই গীতাৰ সাৰমৰ্ম বুলি ব্যক্ত কৰি মানুহক সঠিক পথলৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গীতাই যুগে যুগে অন্যতম ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কয় ।

সংস্কৃতাৰ তেজপুৰ শাখাৰ বিষয়ববীয়াৰ উপস্থিতিত সভানেত্ৰী অৰুণিমা শৰ্মাৰ পৌৰোহিত্যত গীতাঞ্জলি শৰ্মাই আঁত ধৰা মনোজ্ঞ বক্তৃতানুষ্ঠানটিত বুজৰবৰুৱাই দ্বিতীয় অধ্যায়ৰ ১১ নম্বৰ শ্লোকৰ পৰা প্ৰকৃত গীতা আৰম্ভ হৈছে বুলি মন্তব্য কৰি দিব্য দৃষ্টি সম্পন্ন মানুহৰ দ্বাৰা দৃষ্টিহীন লোকক জীৱনৰ পথ নিৰ্দেশনা দিয়াই গীতাৰ মূল মন্ত্ৰ বুলি কৈ সকলো কাম যে ধৰ্মভিত্তিক কৰিব লাগে তাক গীতাৰ শ্লোকেৰে সাৱলীল ভাৱে ব্যখ্যা কৰি বৃদ্ধ বয়সৰ সলনি সৰুৰে পৰাই কিয় গীতা অধ্যয়ন কৰিব লাগে তাৰ মৰ্মাৰ্থ ব্যখ্যা কৰাৰ লগতে গীতাত বাৰে বাৰে কৃষ্ণই অৰ্জুনক কৰ্ম কৰাৰ প্ৰসংগ অৱতাৰণা কৰি কৰ্মই যে প্ৰকৃত ধৰ্ম তাৰ সবিশেষ ব্যখ্যা দাঙি ধৰে । সেয়েহে কৰ্মই ধৰ্ম কথাষাৰ বৃদ্ধ বয়সত বুজিলে নহ'ব ছাত্ৰ অৱস্থাতেই বুজাৰ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰি গীতাত সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই এই কামৰ ফল আশা নকৰি ফল কৃষ্ণৰ ওপৰত এৰি দিবলৈ খোৱাৰ বাবেই গীতাৰ অপব্যখ্যা কৰি কেৱল বৃদ্ধ বয়সতহে গীতা পঢ়া উচিত বুলি সততে থকা ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি বুজৰবৰুৱাই গীতাত উল্লেখ থকা মনুষ্য জীৱনৰ লক্ষ্যৰ ওপৰত নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে ।

লক্ষ্য সঠিক হ'লে কোনো ক্ষেত্ৰতে ব্যৰ্থ হ'ব নোৱাৰে বুলি কৈ শৰীৰ ,মন আৰু বুদ্ধি মিলিয়েই মনুষ্য নহয় তাৰ লগত আত্মা জড়িত হ'লে প্ৰকৃত অৰ্থত মনুষ্য হয় বুলি মন্তব্য কৰি শাৰীৰিক সুখ প্ৰকৃত সুখ হ'ব নোৱাৰে বুলি উদাহৰণসহ ব্যখ্যা দাঙি ধৰে । প্ৰকৃত সুখ আত্মাৰ সুখ বুলি কৈ গীতাৰ আত্মা তত্ব ব্যখ্যা কৰি আত্মা তত্বৰ কথা গীতাৰ বাহিৰে কোনো গ্ৰন্থতেই নাই বুলি কৈ মনুষ্য জীৱনৰ লক্ষ্য পৰমাত্মা বুলি মন্তব্য কৰে । আনহাতে মানুহে প্ৰকৃত শান্তি জ্ঞান অৰ্জন কৰিব পাৰিলেহে লাভ কৰিব পাৰে বুলি কৈ গীতাৰ দ্বাদশ অধ্যায়ৰ শ্ৰদ্ধাবান ব্যক্তিৰ কথা উল্লেখ কৰে । যি ব্যক্তিয়ে প্ৰতি মুহূৰ্ততে মান বিচাৰে সেই লোক পদে পদে অপমানিত হয় বুলি কৈ একেদৰে যিয়ে সুখেই বিচাৰি থাকে সেই লোকে পদে পদে দুখহে পাই বুলি মন্তব্য কৰে । আনহাতে আনৰ উন্নতিত ঈৰ্ষান্বিত হোৱা লোকে কেতিয়াও নাৰায়ণৰ সান্নিধ্য লাভ কৰিব নোৱাৰে বুলি কৈ গীতাত কেৱল আধ্যাত্মিক কথাই নাই মানুহৰ ব্যৱহাৰিক জীৱনৰ সকলো কথা আছে বুলি মন্তব্য কৰি গীতাক ৰঙা কাপোৰৰ মেৰপাকৰ পৰা উলিয়াই সমাজ গঠনৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শোণিতপুৰ জিলাৰ বিশেষ দায়িত্বত থকা বিশিষ্ট চিকিৎসক ডাঃ অতুল কলিতা, প্ৰধান আচাৰ্যা অনিমা বৰদলৈয়ে বিশেষ আসন শুৱনি কৰি চমু বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিৰআৰম্ভণিতে গীতাৰ দ্বাদশ অধ্যায়ৰ ভক্তি যোগ পাঠ কৰি উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে ।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande