গৃহস্থক হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সোণ-ৰূপসহ ১ লাখ টকা নগদ ধন
অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা
গৃহস্থক হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সোণ-ৰূপসহ ১ লাখ টকা নগদ ধন


বঙাইগাঁও, ২৬ জুলাই (হি.স.)

অভয়াপুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডকাইতৰ দলে গৃহস্থক হত্যা কৰি লুটি নিলে সোণ-ৰূপসহ ১ লাখ টকা নগদ ধন।

ডকাইতৰ দলে হত্যা কৰা লোকজন অভয়াপুৰী পিৰাধৰাৰ কৃষ্ণ মণ্ডল বুলি জানিব পৰা গৈছে।

চাঞ্চল্যকৰ ডকাইটি কাণ্ড সংঘটিত হৈছিল পুৱতি নিশা। ঘটনাস্থলীত উপস্থিত জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনা , অতিৰিক্ত আৰক্ষী সবিতা দাসসহ আৰক্ষীৰ দল।

উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

উল্লেখ্য পত্নীয়ে জনোৱামতে ডকাইতৰ দলে কৃষ্ণ মণ্ডলক হত্যা কৰি পত্নীকো বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰিছিল ডকাইতৰ দলে।

চোকা অস্ত্ৰৰে শৰীৰৰ কেবাঠাইতো আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে। এই ঘটনাই অভয়াপুৰী অঞ্চলত জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া


 rajesh pande