চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ, আটক দুই সৰবৰাহকাৰী
চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ, আটক দুই সৰবৰাহকাৰী।
চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ, আটক দুই সৰবৰাহকাৰী


ধুবুৰী, ০৫ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতাত যোৱাকালি বুধবাৰে নিশা আৰক্ষীৰ অভিযান চলে। অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ, আটক দুই সৰবৰাহকাৰী।

চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত চলিছিল এই অভিযান।আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে মুছকুৰ আহমেদ আৰু ছেলিম নুৰ আছাদ বুলি জানিব পৰা গৈছে। হাতীপোতা হাইস্কুলৰ খেলপথাৰত ড্ৰাগছ সৰবৰাহৰ সময়ত আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী দুজনক। ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলত একাংশ অসাধু লোকে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই যুৱ প্ৰজন্মক ধ্বংস দিশে লৈ যোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। আৰক্ষীৰ এনে অভিযানক সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande