যোৰহাটত এটি ১১ বছৰীয়া কিশোৰৰ আত্মহনন
যোৰহাটত এটি ১১ বছৰীয়া কিশোৰে গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত।
যোৰহাটত এটি ১১ বছৰীয়া কিশোৰৰ আত্মহনন


যোৰহাট, ০৯ জুলাই (হি.স.): যোৰহাটত যোৱা কালি মঙ্গলবাৰে বিয়লি এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে । যোৰহাটত এটি ১১ বছৰীয়া কিশোৰে গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত । ঘৰত কোনো মানুহ নথকা অৱস্থাত আত্মহননৰ পথ বাছি ল'লে কিশোৰটিয়ে ।

অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই কিশোৰ জনৰ আত্মহননৰ কাৰণ | কালি মোমায়েকৰ ঘৰত ফুৰিবলৈ গৈছিল ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এহেম তাতী আৰু মোমায়েকৰ ঘৰৰ পৰা মাথো ঘৰ পাইছিল | ১১ বজাত ঘৰ আহি মাকক ফোন কৰি কৈছিল ঘৰ পোৱাৰ কথা | ইয়াৰ অলপ সময়ৰ পাছতেই সংঘটিত হয় এই ঘটনা |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande