দৰং, ০৯ জুলাই (হি.স.): গুৱাহাটী ছমাইলৰ এটা ফ্লেটৰ পৰা খাৰুপেটীয়া আৰক্ষীয়ে মঙ্গলবাৰে বিয়লি গ্ৰেপ্তাৰ কৰে এজন ছাইবাৰ অপৰাধীক | ছাইবাৰ অপৰাধীজন দলগাৱঁৰ ঢেকেৰীগাঁৱৰ চাইদুৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে|
উল্লেখ্য যে খাৰুপেটীয়াৰ জুলফিকৰ আলী, মণ্ডল হক কিনু আলী, আৰিফুল হুছেইন নামৰ আৰক্ষী কনষ্টিবল পৰা একাউণ্ট হেক কৰি, ভুৱা একাউণ্ট বনাই ১৫ লক্ষাধিক টকা বেংকৰ পৰা উঠাই লয় | বেংক একাউণ্ট আপটুডেট কৰাৰ পিছত পোহৰলৈ আহে চাইদুৰ ৰহমানৰ ছাইবাৰ অপৰাধৰ তথ্য |ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত দুধৰ্ষ অপৰাধী চাইদুৰৰ বিৰুদ্ধে ৬৭/২৫ নম্বৰত গোচৰ ৰুজু হৈছে।উল্লেখযোগ্য যে ছাইবাৰ অপৰাধৰ সৈতে জড়িত দল গাঁৱৰ দূধৰ্ষ ছাইদুৰ ৰহমানে বহুতৰে পৰা প্ৰৱঞ্চনাৰে অনুৰূপ ঘটনা সংঘটিত কৰি কোটি টকা কৰি আত্মসাৎ কৰে | দুৰ্ধৰ্ষ ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ পিছত এটাৰ পিছত আনটো প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে | অধিক তথ্যৰ বাবে আৰক্ষীয়ে ছাইদুৰৰ বিৰুদ্ধে জেৰা অব্যাহত ৰাখিছে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ