হাইলাকান্দি, ০৮ জুলাই (হি.স.): ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰি হাইলাকান্দিত পঞ্চায়ত নিৰ্বাচনত এজন ৱাৰ্ড মেম্বাৰ জয়ী হোৱাৰ অভিযোগ উঠিছে। হাইলাকান্দি জিলাৰ মনাছড়া গাঁও পঞ্চায়েতৰ অধীনত ৫ নং গ্ৰুপ সদস্যা ফুলজুৰি ৰবিদাসৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।
হাইলাকান্দি জিলাৰ মনাছড়া গাঁও পঞ্চায়তৰ অধীনত ৫ নং ৱাৰ্ড সদস্যা ফুলজুৰি ৰবিদাসৰ বিৰুদ্ধে জাল চাৰ্টিফিকেট প্ৰদান কৰি জয়ী হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফুলজুৰি ৰবিদাসে নিজৰ চহীটোও কৰিব নোৱাৰে আৰু টিপ চহী দিয়ে, কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ভূৱা প্ৰমাণপত্ৰৰে নিজৰ মনোনয়ন জমা দি মনাছৰা গাঁও পঞ্চায়েতৰ ৫ নং গ্ৰুপ সদস্যা হিচাপে নিৰ্বাচিত হৈছে।
ইতিমধ্যে ৫ নং ওয়াৰ্ড সদস্যা ফুলজুৰি ৰবিদাসৰ বিৰুদ্ধে অভিযোগ জনাই হাইলাকান্দি জিলা আয়ুক্তক এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি উচিত তদন্ত কৰি পদ খাৰিজৰ দাবী জনাইছে। লগতে হাইলাকান্দি জিলাৰ লক্ষীনগৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে । এইক্ষেত্ৰত অতিসোনকালে এই প্ৰাৰ্থীৰ সকলো নথিপত্ৰ উচিত তদন্ত কৰি তেওঁৰ পদ বাতিল কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে সচেতন লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ