অস্তিত্বৰ সংকটত ডিমৰীয়াৰ ঐতিহাসিক বমানী বিল
অস্তিত্বৰ সংকটত ডিমৰীয়াৰ ঐতিহাসিক বমানী বিল।
অস্তিত্বৰ সংকটত ডিমৰীয়াৰ ঐতিহাসিক বমানী বিল


গুৱাহাটী, ২৫ জুলাই (হি.স.)। অস্তিত্বৰ সংকটত ডিমৰীয়াৰ ঐতিহাসিক বমানী বিল। ভোগালীৰ উৰুকাৰ পুৱা সমূহীয়া মৎস চিকাৰৰ বাবে প্ৰখ্যাত ঐতিহাসিক বমানী বিলত এতিয়া দুস্কৃতিকাৰীৰ শেনচকু। নিশাৰ অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি গেলা-পচা আৱৰ্জনা নিক্ষেপ কৰিলে বিলত। ফলত জৈৱ-বৈচিত্ৰৰ প্ৰতি আহিছে ভাবুকি।

ঐতিহাসিক বিলখনক ডাষ্টবিনত পৰিণত কৰাক লৈ উদ্দীগ্ন স্থানীয় ৰাইজৰ লগতে বিল সুৰক্ষা সমিতিৰ। দোষীক উপযুক্ত শাস্তিৰ দাবীত বিলৰ পাৰত বৃহস্পতিবাৰে একত্ৰিত হ'ল সকলো লোক আৰু স্থানীয় প্ৰশাসনক দিলে অভিযোগ পত্ৰ। শীঘ্ৰেই এনে দুস্কাৰ্য সংঘটিত কৰা লোকসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী ক্ষোভিত ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar / আলোক চক্ৰৱৰ্তী


 rajesh pande