হোজাইত ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ
হোজাইত ৰাইজৰ ৰোষত দুজনকৈ চোৰ।
হোজাইত ৰাইজৰ ৰোষত পৰিল দুটাকৈ চোৰ


হোজাই, ২৪ জুলাই (হি.স.): হোজাইত মঙলবাৰে সন্ধিয়া ৰাইজৰ ৰোষত পৰে দুজনকৈ চোৰ। হোজাই বিদ্যানগৰত স্থানীয় ৰাইজে হাতে লোটে আটক কৰে দুটাকৈ চোৰক।

জয়মোহন সিংহ নামৰ লোকৰ বাসগৃহত প্ৰৱেশ কৰি ই ৰিক্সাৰ বেটাৰী চুৰি কৰোঁতেই ৰাইজে হাতে লোটে আটক কৰে দুই চোৰক। পৰৱৰ্তী সময়ত ৰাইজে উত্তম মাধ্যম সুধাই হোজাই আৰক্ষীক গতাই দিয়ে উক্ত চোৰ দুটাক। আৰক্ষীয়ে দুয়ো চোৰক আটক কৰি বৰ্তমানে অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande