হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুজনকৈ সৰহবৰাহকাৰী
হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুজনকৈ সৰহবৰাহকাৰী।
হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুজনকৈ সৰহবৰাহকাৰী


হোজাই, ০৫ জানুৱাৰী (হি.স.): হোজাই আৰক্ষীৰ জালত যোৱা কালি দেওবাৰে নিশা পৰে ড্ৰাগছসহ দুজনকৈ সৰহবৰাহকাৰী। দুটাকৈ চাবোন বাকচত ড্ৰাগছসহ আটক হয় আফটাব হুচেইন আৰু জিয়াৰুল ইছলাম নামৰ দুজন সৰহবৰাহকাৰী ।

জানিব পৰামতে, আফটাব হুছেইন পেছাত এম্বুলেন্স চালক। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হোজাই বিডিংবস্তি পৰা আটক কৰে দুয়োজনক। আটকাধীন আফটাব হুছেইনৰ ঘৰ ডিমৰুপাৰ হোৱাৰ লগতে জীয়াৰুল ইছলামৰ ঘৰ ডংকি গাঁৱত বুলি জানিব পৰা গৈছে । বৰ্তমানে হোজাই আৰক্ষীয়ে জব্দ কৃত ড্ৰাগছ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande