ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ দুই দুধৰ্ষ ডকাইত
ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ আটক দুই দুদৰ্শ ডকাইত।
ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ দুই দুধৰ্ষ ডকাইত


নগাঁও, ০৭ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে যোৱা কালি মঙলবাৰে নিশা পিষ্টলসহ দুই দুধৰ্ষ ডকাইতক কৰায়ত্ত কৰে । ৰূপহীহাটৰ ঔঅনাত অভিযান চলাই দুই জাঁই সক্ৰিয় গুলি আৰু ০.৩২ এমএম পিষ্টলসহ চোকা অস্ত্ৰ উদ্ধাৰ কৰে।

নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ ঔঅনাত নাকা চেকিং কৰোতে এএছ ১২ এএইচ ১৬৩৭ নম্বৰৰ মটৰ চাইকেলত তালাচি চলাই পিষ্টলসহ দুই দুধৰ্ষ ডকাইতক কৰায়ত্ত কৰে। আটকাধীন ডকাইত দুজন হৈছে ক্ৰমে কালীয়াডিঙাৰ মোছাব্বিৰ আলী আৰু আব্দুল হাই । কালি নিশা হয়তো কৰবাত ডকাইতিৰ উদ্দেশ্য আহিছিল দুইজনীয়া অস্ত্ৰধাৰী ডকাইত দলদলটো। সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande