গোলকগঞ্জ‌ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজন আটক
গোলকগঞ্জ‌ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজনক আটক।
গোলকগঞ্জ‌ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজন আটক


ধুবুৰী, ০৭ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ‌ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । শেহতীয়াকৈ যোৱা কালি মঙলবাৰে চলোৱা অভিযানত ড্ৰাগছসহ এজনক আটক কৰা হয় । যোৱা কালি নিশা গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলি বজাৰত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে।

এই অভিযানত ৫ টা কৈ নিচা জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত বস্তুৰ পৰিমাণ ২.৬৮গ্ৰাম বুলি কোৱা হৈছে । আটকধীন ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ উত্তৰ ৰায়পুৰ ৩য় খণ্ডৰ আমিনুৰ হক । ইতিমধ্যে গোলকগঞ্জ আৰক্ষীয়ে ড্ৰাগছ সৰবাহকাৰী জনক আটক কৰি থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande