সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো আহত
সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো আহত
সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো আহত


কামৰূপ, ২৪ জুলাই (হি.স.)।সোণাপুৰৰ নাজিৰাখাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী এএছ০২জি ৮৮৩৫ নম্বৰৰ মাৰুতি বাহন এখনক পিছৰ পৰা এএছ০১ পিচি ৩৫১৩ নম্বৰৰ মালবাহী মেজিক বাহনে তীব্ৰবেগত খুন্দা মাৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মেজিক চালকজন আৰু মাৰুতি বাহনখনৰ চালক আৰু যাত্ৰী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ততাতৈয়ালৈ আহত কেইজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar / ৰমেন বৰ্মণ / আলোক চক্ৰৱৰ্তী


 rajesh pande