লামডিং ৰে’ল জংচনত গাঞ্জা সহ এজনক আটক
লামডিং ৰেল জংচনত গাঞ্জা সহ এজনক আটক।
লামডিং ৰে’ল জংচনত গাঞ্জা সহ এজনক আটক


হোজাই, ২৪ জুলাই (হি.স.): লামডিং ৰে’ল জংচনত মঙলবাৰে সন্ধিয়া গাঞ্জা সহ এজন লোকক আটক কৰা হয়। আৰপিএফ আৰু চিবিআইৰ তালাচীৰ সময়ত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী । গাঞ্জা সৰবৰাহকাৰীটোৰ নাম কুন্দন কুমাৰ আৰু তেওঁৰ ঘৰ বিহাৰৰ পটনা জিলাত।

ভদ্ৰলোকৰ আঁৰত গাঞ্জা সৰবৰাহ কৰি আহিছিল যুৱকজনে। আগৰতলা শিয়াল দহ কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ বাতানুকুল এ১ ডবাৰ পৰা গাঞ্জা সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। বিহাৰৰ শিক্ষিত যুৱক জনে আগৰতলাৰ পৰা গাঞ্জাখিনি লৈ বিহাৰ গৈ থকাৰ সময়ত লামডিং ৰে’ল জংচনত আৰপিএফ আৰু চিবিআইৰ দলে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে শিক্ষিত যুৱক জনে বহু দিন ধৰি গাঞ্জা সৰবৰাহ কৰি আছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande