ঢেকিয়াজুলিৰ ধিৰাইমাজুলিত বন্যহস্তীৰ আক্ৰমণত নিহত তিনিজন
শোণিতপুৰ,২৭ এপ্ৰিল(হি.স.)। হাতী মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ৷ বনৰীয়া হাতীয়ে প্ৰান কাঢ়িলে দুজন বনকৰ্মী স
ঢেকিয়াজুলিৰ ধিৰাইমাজুলিত বন্যহস্তীৰ আক্ৰমণত নিহত তিনিজন


শোণিতপুৰ,২৭ এপ্ৰিল(হি.স.)। হাতী মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ৷ বনৰীয়া হাতীয়ে প্ৰান কাঢ়িলে দুজন বনকৰ্মী সহ এজন গাওঁবাসীৰ৷ হাতী খেদিবলৈ যোৱা দুজন বনকৰ্মী নিহত। ঢেকিয়াজুলিৰ ধিৰাইমাজুলিত সংঘটিত শোকাবহ ঘটনা৷ বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মী সহ এজন স্থানীয় লোক নিহত হয়৷ ধিৰাইমাজুলি গাওঁত হাতী খেদিবলৈ অহা আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ দুজন বনকৰ্মী বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয়৷ বনকৰ্মী দুজন হৈছে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা৷

আনহাতে যতন তাঁতী নামৰ এজন স্থানীয় লোক মৃত্যু হয় হাতীটোৰ আক্ৰমণত৷ ঘটনা বিৱৰণী অনুসৰি শনিবাৰে কাহিলীপুৱাতে প্ৰথমে বনৰীয়া হাতীৰ আক্ৰমন হৈছিল যতন তাঁতী(৬০)নামৰ এজন ব্যক্তিৰ৷ শুই উঠি প্ৰাঃত কৰ্মলৈ ওলাই যোৱা যতন তাঁতী নামৰ লোক জনক ঘৰৰ কাষতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত কৰুণ মৃত্যুক আকোঁৱালি লয়৷ বনৰীয়া হাতীটো ধিৰাইমাজুলি অঞ্চলটোৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতেই আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল৷ ঘটনাস্থলীত ঢেকিয়াজুলি আৰু আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সকলৰ সৈতে স্থানীয় শিঙৰী আৰক্ষী উপস্থিত হৈছিল।

বনকৰ্মীৰ দলে হাতীটোক গাওঁৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰোতেই বনকৰ্মীলৈ চোঁচা লয় হাতীটোৱে৷ বনকৰ্মী দুজনে পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হোৱাত হাতীটোৰ আক্ৰমণত নিহত হয় কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা নামৰ বনকৰ্মী দুজন৷ উক্ত ঘটনাত বনকৰ্মী সকলৰ লগতে স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে৷ শোকত ভাগি পৰিছে বনকৰ্মী সকল৷ ইতিমধ্যে নিহত স্থানীয় গাওবাসী যতন তাঁতী(৬০),বনকৰ্মী কুলেশ্বৰ বড়ো(৪৫)আৰু বীৰেন ৰাভা (৫০)ৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ইফালে ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা বনৰীয়া হাতীক নিৰিক্ষণ কৰি আছে৷

হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande