নিৰাপত্তা বাহিনীৰ অভিযানত অসম-নগালেণ্ড সীমান্তৱৰ্তী নিমনাগড়ত পিষ্টলসহ দুই নগা যুৱক আটক
শিৱসাগৰ, ০৯ মে’ (হি.স.)। অসম-নগালেণ্ড সীমান্তৰ নিমনাগড় চিংফাং অঞ্চল সমাজবিৰোধী চক্ৰৰ ঘাটিলৈ পৰিণত হ
নিৰাপত্তা বাহিনীৰ অভিযানত অসম-নগালেণ্ড সীমান্তৱৰ্তী নিমনাগড়ত পিষ্টলসহ দুই নগা যুৱক আটক


শিৱসাগৰ, ০৯ মে’ (হি.স.)। অসম-নগালেণ্ড সীমান্তৰ নিমনাগড় চিংফাং অঞ্চল সমাজবিৰোধী চক্ৰৰ ঘাটিলৈ পৰিণত হৈছে। আজি নিমনাগড় চিংফাং অঞ্চলত এটা ৯ এমএম পিষ্টল বিক্ৰী কৰিবলৈ লৈ দুই নগা যুৱক আটক হ’বলগীয়া ঘটনাই এই কথা পুনৰ প্ৰমাণিত কৰিলে। অসম-নগালেণ্ড সীমান্তত মৰণাস্ত্ৰ সহ দুই নগা যুৱকক আজি আটক কৰে। চিআৰপিএফ ৰ অভিযানত অসম নাগালেণ্ড সীমান্তৰ চিংফাংৰ আচিং কন্যাক বয়স( ২৭) আৰু লংবই কন্যাক(৩৫)পৰা আটক এটা নাইন এম এম পিষ্টল আৰু পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ হয় আটকাধীন দুই যুৱকৰ পৰা।

জানিব পৰা মতে অসম-নগালেণ্ড সীমান্তৰ চিআৰপিএফ আৰু উত্তৰ পুৱ মণ্ডল কোৱাট ২ ৰ যুটীয়া অভিযানকাৰী দলে আটক কৰে দুয়োকে। নগালেণ্ডৰ মন জিলাৰ সংপই বস্তিৰ পৰা নগা দুৰ্বৃত্তৰ দল এটাই এটা বন্দুক বিক্ৰী কৰিবলৈ চিংফাংলৈ আহি থকাৰ সম্ভেদ পাই নিৰাপত্তাৰক্ষীৰ দলটোৱে আবেলি এখন বাইকত নগালেণ্ডৰ পৰা দুই নগা যুৱক আহি থকা প্ৰত্যক্ষ কৰি তালাচী চলাওঁতেই যুৱকদ্বয়ৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰি মথুৰাপুৰ থানাত চমজাই দিয়ে। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande