প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি
কামৰূপ, ০৯ মে’(হি.স.)। প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি। ৰঙিয়াৰ স্বস্তি চিকিতসালয়ত
প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি


কামৰূপ, ০৯ মে’(হি.স.)। প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি। ৰঙিয়াৰ স্বস্তি চিকিতসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকীক। দীৰ্ঘদিনে হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। দেহৰ বিভিন্ন ঠাইত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ।

বৃহস্পতিবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ। অসম চৰকাৰৰ শিক্ষা আৰু ৰাজহ মন্ত্ৰীৰ লগতে ৰঙিয়া সমষ্টিৰ ৩ বাৰকৈ বিধায়ক আছিল থানেশ্বৰ বড়ো। এই খবৰ বিয়পি পৰাৰ পিছতে আত্মীয়ৰ লগতে বহু লোকৰ ভিৰ চিকিৎসালয়ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande