১০০% উত্তীৰ্ণৰে অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা অক্ষুন্ন
তিনিচুকীয়া, ০৯ মে’ (হি.স.)। অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ। আজি ঘোষণা কৰা হয় উচ্চত
১০০% উত্তীৰ্ণৰে অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা অক্ষুন্ন


তিনিচুকীয়া, ০৯ মে’ (হি.স.)। অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ। আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল। মাৰ্ঘেৰিটাৰ এখন অন্যতম শৈক্ষিক প্ৰতিষ্ঠান অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিগত বছৰ সমূহৰ দৰে চলিত বৰ্ষতো মহাবিদ্যালয় খনে ১০০% উত্তীৰ্ণ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

বাণিজ্যি আৰু কলা দুয়োটা শাখাতে ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আনহাতে ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষতো বিজ্ঞান শাখাত ১০০% উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande