আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত গোলকগঞ্জত অবৈধ গাঞ্জা জব্দ
ধুবুৰী, ২৭ এপ্ৰিল(হি.স.)। নিৰ্বাচনৰ আচৰণ বিধি চলি থকাৰ সময়তে অবৈধ গাঞ্জাৰ বিৰুদ্ধে গোলকগঞ্জৰ আৰক্ষী
আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত গোলকগঞ্জত অবৈধ গাঞ্জা জব্দ


ধুবুৰী, ২৭ এপ্ৰিল(হি.স.)। নিৰ্বাচনৰ আচৰণ বিধি চলি থকাৰ সময়তে অবৈধ গাঞ্জাৰ বিৰুদ্ধে গোলকগঞ্জৰ আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান। অভিযানত কালি নিশা বৃহত পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰাৰ লগতে আটক এজনক। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন তথ্যৰ আধাৰত গোলকগঞ্জ থানাৰ উপ পৰিদৰ্শক পাপৰি নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল আৰু চিআৰপিএফৰ ৪৮ নং বেটেলিয়নৰ এটা দলে গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা ২য় খণ্ডৰ সিদ্ধি বিশ্বাস (৬০) নামৰ ব্যক্তি জনৰ ঘৰত চলাইছিল অভিযান।

অভিযানত সিদ্ধি বিশ্বাসৰ ঘৰৰ পৰা ১১ কে.জি. ৭৬৫ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ধৃত সিদ্ধি বিশ্বাস দীৰ্ঘদিনৰ অবৈধ গাঞ্জা ব্যবসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ। উল্লেখ্য যে লোকসভা নিৰ্বাচনত আৰক্ষী প্ৰশাসন ব্যস্ত থকাৰ সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে সমাজত বিভিন্ন মাদক দ্ৰব্যৰ প্ৰচলন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande