নগাঁৱৰ বগৰীগুৰি পামত নিৰ্বাচনী হিংসা
নগাঁও, ২৭ এপ্ৰিল (হি.স.)। নগাঁৱৰ বগৰীগুৰি পামত নিৰ্বাচনী হিংসা ।কংগ্ৰেছী গুণ্ডাই দা লাঠি লৈ কৰা আক্ৰ
নগাঁৱৰ বগৰীগুৰি পামত নিৰ্বাচনী হিংসা


নগাঁও, ২৭ এপ্ৰিল (হি.স.)। নগাঁৱৰ বগৰীগুৰি পামত নিৰ্বাচনী হিংসা ।কংগ্ৰেছী গুণ্ডাই দা লাঠি লৈ কৰা আক্ৰমণত তেজেৰে ৰক্তাক্ত হৈ পৰে এগৰাকী মহিলা সহ পাঁচ জনকৈ বিজেপি কৰ্মী।পুৰুষ মহিলা সহ পাঁচ জনকৈ ব্যক্তিক নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ।সংকটজনক অৱস্থাত এগৰাকী মহিলাক নগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ।

আলী ইছলাম আৰু ৰফিজ উদ্দীনৰ মাজত সংঘটিত হয় এই মাৰ পিটৰ ঘটনা ।কংগ্ৰেছী নেতা ৰফিজ উদ্দীনৰ নেতৃত্বত দা,লাঠিৰে কৰা আক্ৰমণৰ ফলত আঘাতপ্রাপ্ত হয় ছাহজাহান আলী, আছমিনা খাতুন, জুছনাৰা খাতুন, দিল ইছলাম আৰু ছাদ্দাম হুছেইন।ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।বিজেপিক ভোট প্রদান কৰাৰ বাবেই প্ৰথমে তৰ্ক আৰু তাৰ পিছত দা ,লাঠি লৈ মাৰ পিট সংঘটিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande