মাৰ্ঘেৰিটাত আৰম্ভ ব্যৱসায়ী সন্থাৰ উদ্যোগত বহাগী উৎসৱ
তিনিচুকীয়া, ০৯ মে (হি.স.)। মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়াকৈ ৪১
মাৰ্ঘেৰিটাত আৰম্ভ ব্যৱসায়ী সন্থাৰ উদ্যোগত বহাগী উৎসৱ


তিনিচুকীয়া, ০৯ মে (হি.স.)। মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়াকৈ ৪১ সংখ্যক বহাগী উৎসৱ । আজি পুৱা বিহুৰ পতাকা উত্তোলনৰে কাৰ্যসূচী পাতনি মেলে উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

তাৰ পাছতেই অনুষ্ঠিত হ''য় শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । ইয়াৰ পাছতে অনুষ্ঠিত বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বৰাই। বিভিন্ন জাতি জনগোষ্ঠীৰ আশীৰো অধিক সাংস্কৃতিক দলে অংশগ্ৰহণেৰে বিহু থলী হৈ পৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। সন্ধিয়া অনুষ্ঠিত হ''ব সদৌ অসম ভিত্তিত বৰবিহুৱতী ,বিহুৱতী, দিহিং শ্ৰেষ্ঠ বিহু হুঁচৰি আৰু হুঁচৰি প্ৰতিযোগিতা । দ্বিতীয় দিনা মৌবিহুৱতী,জেং বিহু প্ৰতিযোগিতা আৰু নিশা কণ্ঠশিল্পী নিলোৎপল বৰাৰ সংগীতানুষ্ঠান।তৃতীয় দিনা সাংস্কৃতিক সন্ধিয়াত মেজাংকৰী মেঘমল্লা গোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বলিউডৰ কণ্ঠশিল্পী দীপাক্ষী কলিতা আৰু ইণ্ডিয়ান আইডল খ্যাত অমিত পলৰ সংগীতানুষ্ঠানেৰে উৎসৱৰ সামৰণি পৰিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande