১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল ডিলিজেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী
বৰপেটা, ০৯ মে' (হি.স.)। বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা ডিলিজেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী ১
১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল ডিলিজেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী


বৰপেটা, ০৯ মে' (হি.স.)। বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা ডিলিজেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী ১০০ শতাংশ উৰ্ত্তীণৰে উজ্বলিল। উত্তীৰ্নৰ হাৰ ১০০ শতাংশ হোৱাত মহাবিদ্যালয়ৰ চৌহদ উৎসৱ মুখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে। দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰী অধ্যাপক অধ্যাপিকাৰ মাজত আনন্দ ৷

মুঠ ২৯ জন শিক্ষাৰ্থীৰ ২ জন ডিষ্টিংচন ১০ জন ষ্টাৰ আৰু বাকী কেইজন প্ৰথম বিভাগত উত্তীৰ্ন হৈ গৌৰৱ কঢ়িয়াই আনিছে মহাবিদ্যালয় খনলৈ । উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী সকলক ডিলিজেন্ট একাডেমী চিনিয়ৰ চেকেণ্ডাৰী মহাবিদ্যালয়ৰ সঞ্চালক আব্দুৰ ৰৌফ আহমেদে সম্বৰ্ধনা জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande