আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ৰ তিনিওটা শাখাৰ ফলাফলত বাক্সা জিলাৰ সৰ্বোত্তম প্ৰদৰ্শন
গুৱাহাটী, ০৯ মে' (হি.স.)। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ২০২৪ বৰ্ষৰ উচ্চতৰ
আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ৰ তিনিওটা শাখাৰ ফলাফলত বাক্সা জিলাৰ সৰ্বোত্তম প্ৰদৰ্শন


গুৱাহাটী, ০৯ মে' (হি.স.)। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিটা শাখাত ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ স্থান দখল কৰাৰ পিছতে অসমৰ বাক্সা জিলাই সৰ্বোত্তম প্ৰদৰ্শন কৰা জিলা হিচাপে আত্মপ্ৰকাশ কৰে।

২০২৪ চনৰ অসম উ.মা. পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ জিলা ভিত্তিক প্ৰদৰ্শনৰ বিশ্লেষণ আগবঢ়োৱা হ’ল।

কলা শাখাত বাক্সা জিলাই ৯৭.৪৪ শতাংশ উত্তীৰ্ণৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে নলবাৰী জিলাই ৯৭.০৩ শতাংশ উত্তীৰ্ণৰ সৈতে দিত্বীয় শীৰ্ষস্থান দখল কৰে। তৃতীয় শীৰ্ষস্থান দখল কৰিছে দৰং জিলাই ৯৬.৫৯ শতাংশ উত্তীৰ্ণ। বাক্সা জিলাত মুঠ ৩,৯৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ইয়াৰে ৩,৮৮৬ গৰাকীয়ে উত্তীৰ্ণ হয়।

নলবাৰী জিলাত মুঠ ৬,৭২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ভিতৰত ৬,৫২৯ গৰাকীয়ে উত্তীৰ্ণ হয়। দৰং জিলাত মুঠ ৬,৪৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল যাৰ ভিতৰত ৬,২৩৪ গৰাকীয়ে উত্তীৰ্ণ হৈছিল।

বিজ্ঞান শাখাত তামুলপুৰ জিলাই ৯৭.৯৮ শতাংশ উত্তীৰ্ণৰে শীৰ্ষস্থান দখল কৰে। ইয়াৰ পিছতে বাক্সা আৰু যোৰহাট জিলাত ক্ৰমে ৯৫.৮৯ শতাংশ আৰু ৯৫.০৪ শতাংশ। তামুলপুৰ জিলাত ৪৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ভিতৰত ৪৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। বাক্সা জিলাত মুঠ ৫৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ভিতৰত ৫৩৩ গৰাকীয়ে উত্তীৰ্ণ হয়।যোৰহাট জিলাত মুঠ ১,৮৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাজিৰ হৈছিল যাৰ ভিতৰত ১,৭৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল।

বাণিজ্যিক শাখাত শিৱসাগৰ জিলাই ৯৭.৪২ শতাংশ উত্তীৰ্ণৰ সৈতে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে বজালী আৰু বাক্সা জিলাই ক্ৰমে ৯৬.৯১ শতাংশ আৰু ৯৫.৮৮ শতাংশ উত্তীৰ্ণৰ সৈতে দিত্বীয় আৰু তৃতীয় শীৰ্ষস্থান দখল কৰিব সক্ষম হয়। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩৮৮ জনৰ ভিতৰত ৩৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। বজালী জিলাত ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল ইয়াৰ ভিতৰত ৯৪ গৰাকীয়ে উত্তীৰ্ণ হৈছিল। আনহাতে, বাক্সা জিলাত অৱতীৰ্ণ হোৱা ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয়।

হিন্দুস্থান সমাচাৰ/ৰমেন/আলোক.


 rajesh pande