বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱা পুনৰ আৰম্ভ
গুৱাহাটী, ০৯ মে(হি.স.)। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰ নদীত চলি থকা ফেৰী সেৱা ৩ দিনৰ
বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱা পুনৰ আৰম্ভ


গুৱাহাটী, ০৯ মে(হি.স.)। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰ নদীত চলি থকা ফেৰী সেৱা ৩ দিনৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয়। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বাবে বিগত ৬ মে’ৰ পৰা বন্ধ হৈ আছিল ফেৰী সেৱা।

আজি পুৱাই দুয়োটা পাৰৰ মাজত যাত্ৰী কঢ়িয়োৱা ফেৰীৰ চলাচল কৰা দেখা গৈছে। হাতত থকা তথ্য অনুসৰি বৃহস্পতিবাৰে তিনিওটা ঘাট -মধ্যম খণ্ড, ৰজাদুৱাৰ ঘাট, আৰু মাজগাঁও ঘাটৰ মাজত ফেৰী সেৱা কাৰ্যকৰী হৈছিল। ইয়াৰ পূৰ্বে লাভ কৰা তথ্য অনুসৰি বুধবাৰৰ পৰা গুৱাহাটী আৰু উমানন্দ ঘাটৰ মাজত ফেৰী সেৱা আৰম্ভ হৈছে।

খবৰ অনুসৰি অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নদী ফেৰী ঘাট তিনিটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। ফেৰীৰে সিপাৰলৈ যাবলৈ যোৱা দৈনিক যাতায়তৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়।

হিন্দুস্থান সমাচাৰ/ৰমেন/আলোক.


 rajesh pande