পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ প্ৰতিবাদত টীয়কত পথ অবৰোধ
যোৰহাট,২৭ এপ্ৰিল(হি.স.)। টীয়কৰ কাকজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰিলে
পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ প্ৰতিবাদত টীয়কত পথ অবৰোধ


যোৰহাট,২৭ এপ্ৰিল(হি.স.)। টীয়কৰ কাকজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰিলেনযুক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহৃত মিক্সাৰ টেংকাৰৰ খুন্দাত যুৱক জন নিহত হয়। নিহত যুৱকজনক কাকজান আৰন্ধৰা গাঁৱৰ নাচিৰ আলি বুলি চিনাক্ত কৰা হৈছে। পথৰ কাষত ৰৈ থকা অৱস্থাত খুন্দা মাৰে যুৱক জনক। ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।

স্থানীয় লোক ওলাই আহি অৱৰোধ কৰে ঘাইপথ। ঘটনাস্থলীত জিলা আয়ুক্তৰ উপস্থিতি বিচাৰিছে ৰাইজে আৰু ঘটনাৰ উচিত তদন্ত কৰি ক্ষতিপূৰণৰো দাবী তুলিছে। নিহত নাচিৰ আলি আছিল সমগ্ৰ অঞ্চলটোৰে এগৰাকী সৰবৰহী যুৱক। উল্লেখ্য যে দীৰ্ঘদিন হেমাহিৰ পৰিণতিত বিধ্বস্ত হৈ পৰা উক্ত পথছোৱাত দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande