অসমৰ কল্যাণ আৰু উন্নতি বিচৰাসকলে বিজেপি-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সমাপ্তিৰ পিছত সমগ্ৰ দেশৰ লগত
অসমৰ কল্যাণ আৰু উন্নতি বিচৰাসকলে বিজেপি-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সমাপ্তিৰ পিছত সমগ্ৰ দেশৰ লগতে অসমতো তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈছে। এইক্ষেত্ৰত প্ৰতিদ্বন্দী দলসমূহৰ তুলনাত শাসকীয় বিজেপি-মিত্ৰজোঁট বহু যোঁজন আগুৱাই আছে।

আজি বিত্তমন্ত্ৰী অজন্তা নেওগে গাড়ীগাঁও ঈদগাহ ময়দান, প্ৰাগজ্যোতিষ কলা-কৃষ্টি সংঘৰ খেলপথাৰ আৰু আদাবাৰীৰ জয়মতী নগৰ নতুন কলনীত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ জনতাক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়-‘’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ আমোলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ এক মহাযজ্ঞৰ সূচনা হৈছে। এয়া অভূতপূৰ্ব। এই উন্নয়ন অব্যাহত ৰখাৰ দায়িত্ব অসমবাসীৰ। কেন্দ্ৰত একেৰাহে তৃতীয়বাৰৰ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰ গঠন নিশ্চিত কৰি অসমবাসীয়ে সেই দায়িত্ব পালন কৰিব লাগিব।

দেশ তথা ৰাজ্যত ইতিমধ্যে সম্পন্ন হৈ যোৱা দুয়োটা পৰ্যায়ৰ ভোটদানতে বিজেপি-মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে। 'অসমৰ কল্যান আৰু উন্নয়ন অব্যাহত থকাতো বিচৰাসকলে বিজেপি-মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত জয়যুক্ত কৰিব' বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 'কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁট চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ কল্যানৰ বাবে পদক্ষেপ লোৱা বুলি দোহাৰি তেওঁ কয় যে, ভাজপাই জনতাৰ কল্যানৰ বাবে অবিৰত কাম কৰি যাব।

আজি বিত্তমন্ত্ৰীৰ উপৰিও সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো এই সভাসমূহত বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলায়। উল্লেগযোগ্য যে, তাছাই এইবাৰৰ নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। অহা ৭ মে'ত বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লগতে গুৱাহাটী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande