চেঙাৰ কাছুমাৰা আৰু পূৱমহচৰাত দুটাকৈ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন
বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। যিদিনাৰ পৰা আজমল ডাঙৰীয়াই ৰাজনীতি আৰম্ভ কৰিছে সেই দিনাৰ পৰা বিজেপিয়ে অসমত
চেঙাৰ কাছুমাৰা আৰু পূৱমহচৰাত দুটাকৈ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন


বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। যিদিনাৰ পৰা আজমল ডাঙৰীয়াই ৰাজনীতি আৰম্ভ কৰিছে সেই দিনাৰ পৰা বিজেপিয়ে অসমত গছ পুলি ৰোপন কৰিছে ৷ মানুহে কংগ্ৰেছৰ হৈ স্বতস্ফুৰ্তভাৱে ওলাই অহাত এই কথা প্ৰমাণ কৰিছে যে অসমৰ সংখ্যালঘু ৰাইজ বিভাজনকামী শক্তিৰ লগত নাই ৷ৰাইজ আজি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ লগত আছে ৷

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন এজন পাঁচ বাৰৰ বিধায়ক ৷ আজি ভূপেন কুমাৰ বৰাৰ সৱল নেতৃত্ব অসমৰ ৰাইজে আকোৱালি লৈছে ৷ যাৰ ফলত আজমল ডাঙৰীয়াই আজি থৰকা-ছুটি হেৰুৱাইছে ৷ অসমৰ ৰাইজে বদৰ উদ্দিন আজমলক প্ৰত্যাখ্যান কৰিছে ৷অসমৰ সাতামপুৰুষীয়া সভ্যতা-সংস্কৃতিৰ লগত অসম থিয় হৈছে ৷এআইইউডিএফৰ প্ৰাৰ্থী আজমলক আমি কিয় ভোট দিব নালাগে সাংবাদিকৰ আগত এই দৰে তাৰ ব্যাখ্যা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰফিকুল ইছলামে ৷শুকুৰবাৰে সন্ধিয়া কাছুমাৰা আৰু পূৱমহচৰাত দুখন কৈ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্ভোধনী অনুষ্ঠানত অংশ গ্ৰহন কৰি ভাষণ প্ৰসংগত মুখপাত্ৰ গৰাকীয়ে কয়--এই বাৰৰ নিৰ্বাচন উন্নয়নৰ নিৰ্বাচন ৷ এই বাৰৰ নিৰ্বাচন গণতন্ত্ৰ ৰক্ষাৰ শেষ যুজৰ নিৰ্বাচন হব ৷ এই বাৰৰ নিৰ্বাচন সংবিধান ৰক্ষাৰ যুজৰ নিৰ্বাচন হব ৷ এই বাৰ হব সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৰ্বাচন ৷

এই দৰে ভাষণ প্ৰদান কৰি সকলো কংগ্ৰেছ কৰ্মীকে ৰকিবুল হুছেইনক জয়ী কৰাবলৈ মানুহৰ ঘৰে ঘৰে গৈ চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায় ৷ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্ভোধনী অনুষ্ঠানত কাছুমাৰা আৰু ম''হচৰা মণ্ডল কংগ্ৰেছৰ বিষয়-ববীয়া, নিৰ্বাচন পৰিচালনা কমিটিৰ বিষয়-ববীয়া, প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতা কৰ্মীৰ লগতে অঞ্চলটোৰ সন্মানীয় ব্যাক্তি সকল উপস্থিত থাকে ৷৷

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande