মৰিয়নিত বিহুৰ সংগীতানুষ্ঠানত বোকা ডান্স
যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। মৰিয়নিৰ বিহুৰ অনুষ্ঠানত এইবাৰ দেখিবলৈ পোৱা গল বোকা ডান্স। মৰিয়নিৰ গাভৰু প
মৰিয়নিত বিহুৰ সংগীতানুষ্ঠানত বোকা ডান্স


যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। মৰিয়নিৰ বিহুৰ অনুষ্ঠানত এইবাৰ দেখিবলৈ পোৱা গল বোকা ডান্স। মৰিয়নিৰ গাভৰু পাহাৰৰ সমীপৰ গড়কোষত শুকুৰবাৰে নিশা অনুষ্ঠিত চেলেংহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত দেখিবলৈ পোৱা গল বোকা নৃত্য। চেলেং গাভৰু পৰ্বত যুৱ মঞ্চই আয়োজন কৰা ৰঙালী বিহুৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ গীতৰ তালে তালে এনেদৰে একাংশ যুৱকে বোকা নৃত্য কৰা দেখা গল।

সততে জুবিন গাৰ্গৰ অনুষ্ঠানসমূহত এনে দৃশ্য দেখিবলৈ পোৱা যায় । কিন্ত এইবাৰ মৰিয়নিৰ গাভৰুত কণ্ঠ শিল্পী জিলমিল গগৈৰ গীতৰ তালে তালে যুৱকসকলে বোকাৰে লুটুৰি পুতুৰি হৈ এনেদৰে বোকা নৃত্য কৰি মতলীয়া হৈ পৰা দৃশ্য বন্দী হল কেমেৰাত। এনেদৰে সাংস্কৃতিক অনুষ্ঠানৰ বৰষুনৰ মাজতে গীতৰ তালে তালে বোকা নৃত্য কৰাত ব্যস্ত হৈ পৰে একাংশ যুৱক।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande