শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ব্যস্ত পৰিষদৰ কাৰ্য্যবাহী সদস্য ,প্ৰশাসন
কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনে শ্ৰীৰামপুৰৰ শ্যামা
শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ব্যস্ত পৰিষদৰ কাৰ্য্যবাহী সদস্য ,প্ৰশাসন


কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগমনে শ্ৰীৰামপুৰৰ শ্যামাগুৰী ফুটবল খেলপথাৰত লোকে লোকাৰণ্য হৈ পৰিব৷ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা তথা তেখেতৰ ভাষণ শুনাৰ কাৰণে কাইলৈ হিলদলভাঙি জনসাধাৰণ যেন ওলাই আহিব সেইটো খাটাং৷ চৰকাৰৰ পৰা ইতিমধ্যে ৰাইজ বহুত আঁচনি লাভ কৰিছে আৰু আগন্তক দিনতো পাব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কয় সেইটো কৰে সেই কথা ৰাইজে বিশ্বাস কৰে৷

মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে৷ এই চৰকাৰৰ প্ৰতি ৰাইজ সজাগ আৰু সচেতন হৈ আছে৷ গতিকে যি সকল এতিয়াও বি পি এফ-জি এছ পি ৰ প্ৰতি আকৰ্ষিত হৈছে সেই সকল মুখ্যমন্ত্ৰী অহাৰ পিছতে ঠিকঠাক হৈ যাব৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আঢ়ৈ লক্ষৰ পৰা তিনি লক্ষ ভোটৰ ব্যৱধানত জয়ী হব বুলি বি টি আৰৰ ই এম ইউলছন হাসদাই সংবাদ মাধ্যামৰ আগত সদৰী কৰে৷ ইপিনে মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ইউ পি পি এল-বিজেপি দল দুটাৰ কৰ্মকৰ্তাৰ লগতে বি টি আৰৰ ই এম উলছন হাসদা ,এম চি এল এ সজল সিং ব্যস্ত হৈ আছে৷ তাৰ সমান্তৰালভাৱে প্ৰশাসন ব্যস্ত হৈ পৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande