মহাবিদ্যালয়ত অধ্যয়নৰত সকলো ল'ৰা ছোৱালীৰ নামভৰ্তি বিনামূলীয়া হ'বঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
বাক্সা,২৭ এপ্ৰিল(হি.স.)। মানাহ বিধানসভা সমষ্টিৰ বাক্সাৰ বাৰেঙাবাৰীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্
মহাবিদ্যালয়ত অধ্যয়নৰত সকলো ল'ৰা ছোৱালীৰ নামভৰ্তি বিনামূলীয়া হ'বঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা


বাক্সা,২৭ এপ্ৰিল(হি.স.)। মানাহ বিধানসভা সমষ্টিৰ বাক্সাৰ বাৰেঙাবাৰীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্রী গৰাকীয়ে।ভাষণ প্ৰসংগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্রী গৰাকীৰ।

ৰাজ্যত পুনৰ নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়াৰ আশ্বাস মুখ্যমন্ত্রী গৰাকীৰ। যাৰ ঘৰত এজনো চাকৰি নাই সেইসকল প্ৰাৰ্থীক পৰীক্ষাত ১০ নম্বৰকৈ বঢ়াই দিব। ৰেচন কাৰ্ড থকা সকলোকে নতুনকৈ দিব অৰুণোদয় আঁচনি। নিৰ্বাচনী প্ৰচাৰৰ পিছতেই লাখপতি বাইদেউ সকলৰ একাউণ্টত সোমাব ১০ হাজাৰকৈ টকা। ইয়াৰ সৎ ব্যৱহাৰ হলেই পুনৰ ২৫ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি।

মহাবিদ্যালয়ত অধ্যয়নৰত সকলো ল'ৰা ছোৱালীৰ নামভৰ্তি বিনামূলীয়া হ'ব। ল'ৰা সকলৰ দায়িত্ব ল'ব মাক দেউতাকে ছোৱালী সকলৰ দায়িত্ব ল'ব মুখ্যমন্ত্রী গৰাকীয়ে। কংগ্রেছ, বিপিএফক তীব্ৰ সমালোচনা। কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। মোডীৰ দিনত প্ৰমোদ বড়োৱে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিছে। বিজেপিয়ে এইবাৰ দিব মোডী ক্যা গেৰেণ্টী, মামাকা ৱাৰেণ্টী। সাংবাদিকৰে হোৱা বাৰ্তালাপত কেইবাটাও মন্তব্য মুখ্যমন্ত্রী গৰাকীৰ।

তেও কয়, কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বিপুল ভোটত জয়লাভ কৰিব। বিটিচিৰ ৰাজনীতি সুকীয়া হলেও বিটিচিৰ ৰাইজে মৰম কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক। ভূপেন বৰাই বিজেপি চৰকাৰক দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰ বুলি কলেও ৰাইজে নামানে। বিজেপি চৰকাৰৰ দিনত দালাল নোহোৱা হৈছে, সূদখোৰ নোহোৱা হৈছে, ড্ৰাগছ বেপাৰী নোহোৱা হৈছে। ৰাইজে এইবোৰ দেখিছে।

তেও কয়, মানাহত নিৰ্বাচনৰ পিছত পূজাৰ সময়ত আহি ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰাৰ আশ্বাস মুখ্যমন্ত্রী গৰাকীৰ। কোকৰাঝাৰত প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। বিপিএফ আৰু কংগ্ৰেছৰ সৈতে প্ৰতিদণ্ডিতা হ'ব মিত্ৰজোঁটৰ। সংখ্যালঘু ৰাইজে এইবাৰ বিজেপিক ভোট দিবলৈ ওলাই আহিছে। এবাৰতে কিন্তু ১০০ শতাংশ নহয়। অৱশ্যে আমি ১০০ শতাংশ আশা কৰা নাই । যিবোৰ আসনত ভোট হৈ গৈছে ৫০ শতাংশ ভোট আমি লাভ কৰিছো। তিনি গগৈ এক লগ হলেও আমাৰ বহুত গগৈ আছে। তৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ আছে।

হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande