বৰপেটাৰ সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে সৰ্থেবাৰীৰ সভাৰখলা
বৰপেটাৰ সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা


বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে সৰ্থেবাৰীৰ সভাৰখলাত মিত্ৰজোঁটৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মাই। ৩ নং বৰপেটা সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পৰ্যায়ত পাঁচখনৰ পাঁচখনেই পাম, দ্বিতীয় পৰ্যায়ত চাৰিখন আসন পামেই; এখনত প্ৰতিদ্বন্দিতা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঞ্চতে নাচি-বাগি চলালে নিৰ্বাচনী প্ৰচাৰ।

মুখ্যমন্ত্ৰীৰ লগতে নাচিলে উপস্থিত ৰাইজে। সভাত অৰুনোদয়, লাখপতি বাইদেউ, আত্মনিৰ্ভৰ আদি বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এক লাখ চাকৰি হৈ গ''ল; পঞ্চাশ হাজাৰ চাকৰি এইবছৰ হ''ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ১০ হাজাৰ, ডিগ্ৰী পঢ়িলে ১২ হাজাৰ পাঁচ শ আৰু বিশ্ববিদ্যালয়ত পঢ়িলে ২৫ হাজাৰ টকা এবছৰত পাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।সৰ্থেবাৰীৰ কোনো সমস্যা নাই; নিজেই ভাবি লোৱা সমস্যা। সৰ্থেবাৰীৰ পৰা কোনো কাৰ্যালয় উঠি যোৱা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande