বঙাইগাঁৱৰ বাংলাপাৰাত ভয়াবহ অগ্নিকাণ্ড
লাখ লাখ টকা সহ, মটৰচাইকেল বাসগৃহ ভস্মীভূত বঙাইগাঁও, ০৯ মে' (হি.স.)। বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নি
বঙাইগাঁৱৰ বাংলাপাৰাত ভয়াবহ অগ্নিকাণ্ড


লাখ লাখ টকা সহ, মটৰচাইকেল বাসগৃহ ভস্মীভূত

বঙাইগাঁও, ০৯ মে' (হি.স.)। বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰাত আজি ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ময়নাল হ''ক আৰু মছলেম উদ্দিনৰ দুটাকৈ টিন পাতৰ গৃহসহ মটৰ চাইকেল, নগধ কেইবালাখ টকা ভস্মীভূত হয়।

কি কাৰনতঅগ্নিকাণ্ড সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিওঁ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নমাবলৈ সক্ষম হোৱাত বাকী গৃহবোৰ ৰক্ষা পৰে। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৪ /১৫ লাখ টকাৰ ক্ষতি হয়। ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক চৰকাৰী ভাবে সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande